চলচ্চিত্ৰ হৈছে প্ৰযুক্তিবিদ্যাৰ আধাৰত গঠিত বিশ্বৰ এক অতি নব্যতম দৃশ্যমান বিনোদন কলা মাধ্যম৷ চলচ্চিত্ৰই বৰ্তমান সমাজৰ সকলো স্তৰৰ লোকক সাধাৰণত...
চলচ্চিত্ৰ হৈছে প্ৰযুক্তিবিদ্যাৰ আধাৰত গঠিত বিশ্বৰ এক অতি নব্যতম দৃশ্যমান বিনোদন কলা মাধ্যম৷ চলচ্চিত্ৰই বৰ্তমান সমাজৰ সকলো স্তৰৰ লোকক সাধাৰণতে আকৰ্ষিত কৰিব পৰা এক সৃষ্টিশীল মাধ্যমৰূপে বিবেচিত হৈছে৷ পুথিৰীৰ প্ৰতিটো দেশৰ আৰু সমাজৰ সৰ্বজনক চলচ্চিত্ৰৰ জাদুকৰী কৌশলে আকৃষ্ট কৰিছে৷ ইংৰাজী 'Cinema' (চিনেমা) শব্দৰ অসমীয়া প্ৰতিশব্দ হৈছে চলচ্চিত্ৰ'৷ 'চিনেমা শব্দটো ফৰাচী চিনেমাটোগ্ৰাফ' (Cinematograph) ব পৰা আহিছে৷ এই শব্দটোব মূল হৈছে কিনেমা (Kinema) শব্দ, যাৰ উৎপত্তি প্ৰাচীন গ্ৰীক ভাষাৰ কিনেমাৰ পৰা, যাবৰ অৰ্থ 'গতিশীল'৷ ১ ইংৰাজী চিনেমা (Cinema)-ক বুজাবলৈ অসমীয়া ভাষাত ব্যবহৃত আন শব্দবোৰ হ'ল ক্ৰমে 'কথাছবি' আৰু বোলছবি৷ অসমীয়াত 'ছবি' আৰু কেতিয়াবা 'ৰূপালী পৰ্দা শব্দ দুটাবেও চলচ্চিত্ৰক বুজোৱা দেখা যায়৷ অৰ্থগত দিশৰ পৰা বিচাৰ কৰিলে চলচ্চিত্ৰ শব্দটো অধিক গ্ৰহণযোগ্য আৰু ইয়াৰ প্ৰকৃত অৰ্থ বহন কৰে৷ অসমীয়া চলচ্চিত্ৰৰ স্ৰষ্টা জ্যোতিপ্ৰসাদ আগৰৱালাদেৰে তেওঁৰ 'অসমৰ ফিল্ম শিল্প' নামৰ প্ৰবন্ধটিত চলচ্চিত্ৰক বুজাবৰ বাবে ফিল্ম, মুভিটন, টকী, চিনেমা (Cinema) আদি শব্দক ব্যৱহাৰ কৰিছিল৷ তেওঁ কৈছিল- “অসমীয়াই অসমীয়া ফিল্ম উলিয়াব নোৰাদিলে অসমীয়াব বক্ষা নাই, পৰিত্ৰাণ নাই৷” ২ তেওঁ আকৌ কৈছে- “এতিয়া বৰ্তমান অসমত মাত্ৰ এটা অনুষ্ঠান চিত্ৰলেখা মুভিটন অসমীয়া ফিল্ম উলিয়াইছে৷ ৩
চলচ্চিত্ৰৰ এটা প্ৰধান বৈশিষ্ট্যা হৈছে- ই দৃশ্যধৰ্মী আৰু গতিশীল৷ সাধাৰণ ভাষাত কখলৈ গলে যি চিত্ৰই গতিশীলতাত সঙ্গীৰ হৈ উঠে সেই চিত্ৰই চলচ্চিত্ৰ৷ অসমীয়া সামাজিক চলচ্চিত্ৰৰ বিষয়ে আলোচনাৰ পূৰ্বে বিশ্বচলচ্চিত্ৰত নিৰ্বাক আৰু সবাক চলচ্চিত্ৰব ভূমিকাৰ বিষয়ে অবগত হোবাটো প্ৰয়োজনীয় কিয়নো, চলচ্চিত্ৰৰ আৰম্ভণিয়েই হৈছিল নিৰ্বাক ৰূপত৷ নিৰ্বাক চলচ্চিত্ৰ অৰ্থাৎ ইয়াত কথোপতনৰ মাধ্যম ভাষাৰ পৰিৰ্বতে কেবলমাত্ৰ অঙ্গ-ভঙ্গীমাবহে ব্যৰহাব কৰা হৈছিল৷ এই নিৰ্বাক চলচ্চিত্ৰ (Silent Movie)ত পববৰ্তী সময়তছে শব্দৰ সংযোজন ঘটিছিল৷ চলচ্চিত্ৰৰ এই শব্দ সংযোজিত সবাক ৰূপক বুজাবলৈ 'কথাছবি বা বোলছবি' শব্দ দুটাৰ ব্যৱহাৰ হয়৷ “কথাছবি' বা বোলছবি' শব্দব অৰ্থ হৈছে-কথা কোৰা ছবি, যি ছবিয়ে কথা কয়৷ 'চলচিত্ৰ' শব্দটোৰে সমাৰ্থক ৰূপত 'মোশ্বন পিকচাৰ (Motion Pictures), মুভি (Movie), ফিল্ম (Film), টকী (Talkie), 'বিগ স্ক্ৰিণ' (Big Screen), ফিল্ম মেকিং' (Film Making), মুভি মেকিং, (Movie Making) পিকচাৰা (Pictures), স্ক্ৰিণ (Screen)', 'চিলাভাব স্ক্ৰিণা (Silver Screen) আদি শব্দকো৷ সাবুৰি লয়৷ পৃথিবীৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ ভিন্ন বাজাব মাজত ফিল্ম/চিনেমা শব্দটো বুজাবলৈ ভিন ভিন অভিবাৰ ব্যৱহাৰ কৰা হয়৷ অসমীয়া আৰু বাংলা ভাষাত 'চলচ্চিত্ৰ' শব্দৰ ব্যৱহাৰ কৰা হয়৷ মাৰাঠী ভাষাত 'চিত্ৰপট', নেপালী ভাষাত ফিলিমা, আৰবীত 'ফিল্ম, ইটালীত ফিল্মা, পৰ্তুগীজত 'ফিল্মে', বোমানিয়ানত ফিল্ম', আৰু চুইডিত 'ফিল্মা আদি শব্দ ব্যবহৃত হয়৷
উনবিংশ শতিকাৰ শেষৰ ফালে চলচ্চিত্ৰব উত্তৰ হৈছিল যদিও প্ৰথম অৱস্থাত ই কিছুমান ফটোগ্ৰাফী বা প্ৰযুক্তিৰ যাদুকৰী কৌশল হিচাপেহে চিহ্নিত হৈছিল৷ সেইফালৰ পৰা চলচ্চিত্ৰক বিংশ শতিকাৰ সৃষ্টি বুলি ক'ব পাৰি৷ উনবিংশ শতিকাৰ শেষ ভাগত চলচ্চিত্ৰৰ আৱিষ্কাৰ যদিও বিংশ শতিকাৰ মাজভাগতহে চলচ্চিত্ৰই স্বতন্ত্ৰ ৰূপ লাভ কৰে৷
ভাৰতবৰ্ষত চলচ্চিত্ৰৰ শুভাৰম্ভ হয় ঔপনিৱেশিক শাসনকালৰ প্ৰায় মধ্য ভাগত ৷ সম্প্ৰতি একবিংশ শতিকাত ভাৰতবৰ্ষৰ চলচ্চিত্ৰই লাভ কৰিছে এক উচ্চস্তৰীয় আসন৷ ১৮৯৬ চনত মুম্বাইত প্ৰথমবাৰৰ বাবে গতিশীল চলচ্চিত্ৰ প্ৰদৰ্শিত হয়৷ The Flower of Persia নামৰ চুটি চলচ্চিত্ৰখনেই আছিল ভাৰতৰ প্ৰথমখন চুটি চলচ্চিত্ৰ আৰু ইয়াৰ পৰিচালকজন আছিল হীৰালাল সেন ৷ ৪
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 'জয়মতী'ৰ দ্বাৰাই অসমীয়া চলচ্চিত্ৰৰ বৰ্ণিল যাত্ৰাৰ শুভাৰম্ভ ঘটে৷
বিংশ শতিকাৰ ১৯৩৫ ৰ পৰা ১৯৯৯ চনৰ এই দীঘলীয়া সময়ছোৱাত বিভিন্ন কথাবস্তুৰ ভূমিকা অসমীয়া চলচ্চিত্ৰত পৰিস্ফুট ৷ বিংশ শতিকাৰ ত্ৰিশ, চল্লিশ, আৰু পঞ্চাশ দশকত ঐতিহাসিক, সামাজিক, জনগোষ্ঠীয়, আৰু সমন্বয়ৰ বিষয়বস্তুৰ ভিত্তিতহে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা দেখা যায়৷ বিংশ শতিকাৰ ষাটি দশকৰ কথাবস্তু ক্ৰমে ধৰ্মীয় কাহিনী, উপকথা, বুৰঞ্জীমূলক আৰু পাৰিবাৰিক৷ সত্তৰ আৰু আশী দশকত সামাজিক, নাৰীপ্ৰধান, প্ৰেম-প্ৰণয়মূলক, আৰু লঘু ৰসাত্মক বিষয়বস্তুয়ে অসমীয়া চলচ্চিত্ৰত স্থান লাভ কৰে ৷ উপৰোক্ত বিষয়বস্তুৰ লগতে এই সময়ছোৱাত বিভিন্ন স্পৰ্শকাতৰ বিষয়ৰ ওপৰতো কলাসন্মত আৰু মননশীল অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ হৈছিল৷
মানৰ জীবনৰ পবিক্ৰমা, জন্ম, মৃতু্যু, বিবাহ তথা ধৰ্ম, বীতি-নীতিৰ দ্বাৰা সমাজ জীবন সম্পৃক্ত৷ সামাজিক লোকাচাৰ, লোকবিশ্বাস, অন্ধবিশ্বাস, কু-সংস্কাৰ, আৰু কু-প্ৰথাও সমাজ জীৱনৰ লগত জড়িত৷ মেক আইভাৰ (Maciver) আৰু পেজ (Page) ব 'সমাজ' বিষয়ক মন্তব্য এই দিশত প্ৰণিধানযোগ্য৷ তেওঁলোকৰ মতে- “Society as a system of usage and procedures, of authority and mutpual aid, of many groupings and divisions, of controls of human behavior and liberties“ ৫ মানুহ সামাজিক প্ৰাণী৷ সমাজৰ প্ৰতিটো ব্যক্তিৰ সমাজৰ প্ৰতি কিছুমান দায়বদ্ধতা থাকে৷ এই দায়বদ্ধতা বা সামাজিক উপলব্ধিৰ মাজেৰে ব্যক্তিৰ স্বৰূপ প্ৰকাশ পায়৷ সমাজ এখনত বিভিন্ন মানসিকতাৰ লোকে বাস কৰে, আৰু সেই অনুসৰি তেওঁলোকৰ সামাজিক ধাৰণাও পৃথক-পৃথক হয়৷ সমাজতেই বিভিন্ন সামাজিক সমস্যাৰ উন্মেষ ঘটে৷ একেখন সমাজবে একেটা সমস্যা ভিন্ন ভিন্ন ব্যক্তিব দৃষ্টিত পৃথক ৰূপত প্ৰতিফলিত হোৱা দেখা যায়৷ সমাজৰ ভিন্ন শ্ৰেণীৰ লোকৰ জীৱন সংগ্ৰাম, উচ্চ-নিম্নৰ পাৰ্থক্য, নতুন আৰু পুৰণি মূল্যবোধৰ দ্বন্দ্ব্ব, শিক্ষিত আৰু অশিক্ষিতৰ মাজত থকা প্ৰাচীৰ, পৰিয়ালকেন্দ্ৰিক সমস্যা, প্ৰেমজনিত সংঘাত, জাত-পাতৰ সমস্যা, গাঁৱৰ সহজ-সবল মানুহৰ জীৱন গাঁথা, সময়ে সময়ে গঢ় লৈ উঠা আন্দোলন, নিষ্পেষিত, শোষিত আৰু দৰিদ্ৰতাৰ কবলত কক বকাই থকা লোকৰ জীৱন কাহিনী আদিৰ বিশাল পৰিসৰ সমাজে আগুবি লয়৷ এই সমস্যাসমূহ আৰু সমাজৰ আন দিশৰ প্ৰতিফলন সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন অংগৰ লগতে চলচ্চিত্ৰৰ মাজেবে প্ৰকাশিত হয়৷ সমাজৰ এনে দিশসমূহ প্ৰকাশিত হোৱা চলচ্চিত্ৰক সামাজিক চলচ্চিত্ৰ বুলি ক'ব পাৰি৷ মানুহৰ জীৱনৰ সৈতে জড়িত সৰ্ব বিষয়কে বহল অৰ্থত সামাজিক বিষয়ৰ অন্তৰ্গত কৰা হয়৷ সেয়ে, সামাজিক ব্যক্তিত্ব হিচাপে জীয়াই থাকিবলৈ যিবোৰ মানসিক স্থিতি আৰু পৰিৱেশৰ আৱশ্যকীয়তা থাকে, সেই সকলোকে সামাজিক বিষয়ত সাতুৰি ল'ব পাবি৷ বিংশ শতিকাৰ বহু অসমীয়া চলচ্চিত্ৰ সামাজিক বিষয়ক কেন্দ্ৰ কৰি নিৰ্মিত৷ বিংশ শতিকাতে বহুতো অসমীয়া লোক কানি বৰবিহৰ গৰাহত পৰিছিল৷ এই ভয়াবহ পৰিস্থিতি প্ৰতিবিম্বিত কৰি ১৯৪৯ চনত প্ৰবীণ ফুকনৰ পৰিচালনাৰে 'পাবঘাট' চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল৷ প্ৰমণৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ 'পাৰঘাট'৷ ছবিখন মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত৷ 'পাৰঘাট'ৰ চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত কৰা হৈছিল৷ এই ছবিৰ যোগেদি অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল৷ বৃটিছৰ শাসন কালত অসমীয়া মানুহে কানিৰ দৰে বৰবিহ মাই নিচাসক্ত হৈ পৰিছিল৷ সমাজৰ এই ব্যাধিকৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল৷ এই ছবিখনেই অসমীয়া ছবিজগতৰ প্ৰথমখন আগতীয়া টিকট বুকিঙৰ সুবিধা থকা ছবি৷ 'পাৰঘাট'ৰ অভিনয়ত আছিল ক্ৰমে চন্দ্ৰকান্ত ফুকন, প্ৰবীণ ফুকন, সৰ্বেশ্বৰ চক্ৰবৰ্তী (মৌজাদাৰ), যোগেন্দ্ৰনাথ বৰদলৈ (দোকানী), ভুবনেশ্বৰ বুজৰবৰুৱা (লগুৰা), যোগেন্দ্ৰনাথ বৰকাকতি (কৃষ্ণ মণ্ডল), জ্ঞানদা কাকতি, মলয়া দাস৷ ৬
১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাত 'নিমিলা অংক' নামৰ পাৰিবাৰিক চলচ্চিত্ৰখন নিৰ্মাণ কৰা হয়৷ ১৯৫৫ চনত মুক্তি পোৰা নিমিলা অংক' হৈছে একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ৷ লক্ষ্যষৰ চৌধুৰীৰ একে নামব নাটকখনৰ আধাৰত এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈ উঠিছিল৷ লক্ষ্যধৰ চৌধুৰীয়ে এই ছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল৷ লঘু-বসাত্মক আৰু হাস্য- কৰণ নস মিশ্ৰিত এই ছবিখনে প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ সাধাৰণ মানুহৰ কাহিনীক বাইজৰ মাজলৈ আনি এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাণৰ ধাৰা সলনি কৰিবলৈ সক্ষম হৈছিল৷ ৭
অৱসৰপ্ৰাপ্ত কেৰাণী হৰকান্ত কাকতি৷ অৱসৰৰ পাছতো ঘৰৰ জোৰা মাৰিব নোৱাৰি তেওঁ বেচৰকাৰী প্ৰতিষ্ঠান এটাত কাম কবে৷ ইফালে পৰিয়ালত ল'ৰা-ছোৱালী এপাল৷ তেখেতৰ দুগৰাকী পত্নী৷ প্ৰথমা পত্নীৰ ফালৰ একমাত্ৰ পুত্ৰ গ্ৰেজুৰাট হোৱাৰ পাছতো বোগাক্ৰান্ত হৈ উপাৰ্জনহীন৷ দ্বিতীয়া পত্নীৰ প্ৰথম পুত্ৰ এজন কবি কিন্তু নিবনুবা, দ্বিতীয় পুত্ৰ উচ্ছৃংখল বিপ্লবী, তৃতীয় আৰু চতুৰ্থ পুত্ৰ উদণ্ড আৰু মুৰ্খ৷ দ্বিতীয়া পত্নী বিমলাও দেশৰ কামত মতলীয়া, সাংসাৰিক দায়িত্বহীন স্বভাবব৷ নিতৌ বিভিন্ন অভাব অনাটনৰ মাজত জীয়াই থকাৰ তাৰণাই হৈছে ছবিখনৰ মূল বিষয়বস্তু৷ কাকতিৰ প্ৰথম পুত্ৰৰ বোৱাৰীয়ে শিক্ষয়িত্ৰীৰ কাম কৰে, আৰু নাতিনী কণু ঘৰখনৰ একমাত্ৰ জেউতি৷ ৰোগত পৰি সৰু ল'ৰাটো ঢুকায়৷ অভাবে ফণা তুলি আহে৷ আধুনিক শিক্ষা আৰু সমাজ ব্যবস্থাব প্ৰভাৰত এগৰাকী অৱসৰ গ্ৰহণ কৰা কেৰাণীৰ জীৱন কিদৰে সংকটত পৰে, সেইয়োাই 'নিমিলা অংক' চলচ্চিত্ৰত দেখুবোৰা হৈছে৷ অতুলচন্দ্ৰ হাজৰিকাই নিমিলা অংকৰ বিষয়ে মঞ্চলেখা গ্ৰন্থত উল্লেখ কৰিছে-“....লক্ষ্যধৰ চৌধুৰীয়ে 'নিমিলা অংক' উলিয়াই অসমীয়া চিনেমাৰ অংক মিলাই দিলে৷ “ ৮
আনোৱাৰ হুছেইনৰ পৰিচালনাত ১৯৫৬ চনত 'সৰাপাত' চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়৷ সৰাপাত আনোৱাৰ হুছেইনৰ প্ৰথম চলচ্চিত্ৰ৷ চলচ্চিত্ৰখন মুক্তি পোৱাৰ সময়ত হুছেইনৰ বয়স আছিল ২১ বছৰ৷ সৰাপাত এক নাৰীকেন্দ্ৰিক সামাজিক ছবি৷ ৯ ইয়াত মৌজাদাৰৰ পাৰিবাৰিক উত্থান-পতনৰ কথা প্ৰকাশ পায়৷ চলচ্চিত্ৰখনৰ কাহিনীভাগ এনেধৰণৰ “ৰত্নকান্ত মৌজাদাৰৰ একমাত্ৰ পুত্ৰ জীৱন৷ মৌজাদাৰৰ ঘৰতে আশ্ৰয় লৈছিল এজনী ঘাট-মাউৰা ছোৱালী শেৱালি৷ আশ্ৰিতা যদিও, আপোন জীয়ৰীৰ দৰে শেৱালি মৰম আৰু লাহ-বিলাহাটে ডাঙৰ হ'বলৈ ধৰিলে আৰু জীৱনৰ সৈতে এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল৷ উচ্চশিক্ষাৰ বাবে জীৱন গুৱাহাটীলৈ গ'ল৷ ইতিমধ্যে মৌজাদাৰনীৰ মৃত্যু হ'ল আৰু মৌজাদাবে সাবিত্ৰী নামৰ আন এজনী ছোৱালী বিয়া কৰালে৷ তাই জীৱন আৰু শেৱালিৰ মাজত বাধা হৈ থিয় দিলে৷ তাইৰ চক্ৰান্তত জীৱন আঘাতপ্ৰাপ্ত হৈ হাস্পাতালত পৰি থাকিল আৰু শেৱালি গৈ কাৰ্তিক নামৰ দ্ৰবিদ্ৰ আৰু পঙ্গু লোক এজনৰ ঘৰত আশ্ৰয় ল'লে৷ তাতেই শেৱালিয়ে জীৱনৰ সৈতে হোৱা দৈহিক সম্পৰ্কৰ পৰিণতি স্বৰূপে এটা ল'ৰাৰ জন্ম দিলে৷ এফালে সাবিত্ৰী আছিল অসৎ চৰিত্ৰৰ তিৰোতা৷ তাই বিয়া হৈ অহাৰ পিছতো পূৰ্বৰ প্ৰেমিক হেমেনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ ঘটনাক্ৰমে মৌজাদাৰে তাইক হেমেনৰ সৈতে অসংযত অৱস্থাত ধৰা পেলালে আৰু খঙৰ ভমকত গুলীয়াই মাৰি জেইললৈ গ'ল৷ জীয়াই থকাৰ তাড়নাত শেৱালিয়ে শিল ভাঙিবলৈ ল'লে৷ এদিন কাম কৰি থাকোঁতে হঠাৎ তাইৰ ল'ৰা সোণটি নাইকিয়া হ'ল৷ তাৰপিছতে এক দীঘলীয়া অনুসন্ধানৰ পৰিক্ৰমা৷ মৌজাদাৰে বিচাৰি ফুৰিছে জীৱনক, জীৱনে বিচাৰি ফুৰিছে শেৱালিক আৰু শেৱালিয়ে বিচাৰি ফুৰিছে সোণটিক৷ এদিন প্ৰত্যেকে প্ৰত্যেকক লগ পালে যদিও শেৱালি তেতিয়া ৰুগ্ন অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে৷ তাতেই তাইৰ মৃত্যু হ'ল৷ তাই আৰু আকৌ জোৰা লগা ঘৰখনলৈ উভতি যাব নোৱাৰিলে৷“ ১০ সৰাপাত'ত অভিনয় শিল্পী হিচাপে আছিল ক্ৰমেঃফণী শৰ্মা (মৌজাদাৰ), গিৰিশ চৌধুৰী (মৌজাদাৰৰ পুত্ৰ জীৱন), জ্ঞানদা কাকতি (শেৱালি), অনুপমা ভট্টাচাৰ্য (মৌজাদাৰৰ দ্বিতীয় পত্নী সাবিত্ৰী), তচন্দ্দুক ইউচুফ (বৰুৱা), মীৰা বিশ্বাস (বৰুৱানী), বিমল নাথ (কাৰ্তিক), গণেশ শইকীয়া, অনিল চৌধুৰী, দুলাল শৰ্মা, দুৰ্গেশ্বৰ বৰঠাকুৰ৷
ড. ভূপেন হাজৰিকা পৰিচালনাৰে ১৯৫৬ চনত 'এৰা বাটৰ সুৰ' চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল৷ ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত ৩০ নবেম্বৰ, ১৯৫৬ চনত ছবিখনে মুক্তি লাভ কৰিছিল৷ 'এৰা বাটৰ সুৰ হাজৰিকাদেৱ পৰিচালিত প্ৰথম চলচ্চিত্ৰ৷ ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও ড. ভূপেন হাজৰিকা দেৱৰ৷ 'এৰা বাটৰ সুৰ' চলচ্চিত্ৰৰ মূল বিষয় হ'ল কোনো প্ৰলোভনৰ দ্বাৰা আকৰ্ষিত নহৈ সমাজত সততা আৰু সৎভাবৰে জীৱন যাপন কৰা৷
ঠিক সেইদৰে, যুদ্ধ বিষয় কেন্দ্ৰিক 'ধুমুহা' চলচ্চিত্ৰখন অন্য এক সামাজিক চলচ্চিত্ৰ৷ শোণিতপুৰ পিকছাছ'-ৰ উদ্যোগত হৃদয়ানন্দ আগৰৱালা প্ৰযোজনাত ফণী শৰ্মাই পৰিচালনা কৰা 'ধুমুহা' চলচ্চিত্ৰখনে ১৯৫৭ চনত মুক্তি লাভ কৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ যান্ত্ৰিক বাহিনী ১৯৪২ চনত ধুমুহাৰ গতিৰে ছিংগাপুৰ আৰু মালয়েছিয়াক গ্ৰাস কৰি বাৰ্মা অভিমুখে আগুৱাই যায়৷ যাৰ ফলত ব্ৰহ্মদেশত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়৷ এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ তাত থকা হাজাৰ-হাজাৰ প্ৰবাসী ভাৰতীয় অসম অভিমুখে আগুৱাই আহোঁতে হোৱা বিভিন্ন বিপত্তি চলচ্চিত্ৰখনৰ বিষয়৷ এছাবে, গ্ৰামীণ পৰিয়ালৰ সুখ-দুখৰ কাহিনীও চলচ্চিত্ৰখনৰ মূল বিষয়৷
অন্য এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ নানা সমস্যাৰ কাহিনীৰ সৈতে নিপ বৰুৱাৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মাণ কৰা চলচ্চিত্ৰ হৈছে 'ৰঙা পুলিচ'৷ আনহাতে, ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত 'পূবেৰুণ' পাৰিবাৰিক সুখ-দুখ ভৰা কৰুণ কাহিনীৰে নিৰ্মিত চলচ্চিত্ৰ৷ ১৯৫৯৩ ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে৷ পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শন কৰা হৈছিল৷ পূবেৰুণৰ কাহিনীভাগ চমুকৈ এনেধৰণৰঃ অৰূপ আৰু মেঘালীৰ একমাত্ৰ সন্তান জোন৷ জোনে বিচাৰে এজনী অকণমানি ভণ্টি, কিন্তু মেঘালীয়ে আৰু মাক হ'ব নোৱাৰে৷ অকণমানি জোনৰো মটৰ দুৰ্ঘটনা হৈ মৃত্যু হয়৷ এই মৃত্যুৰে বাউলী কৰি তোলা অৰূপো খুৰ সোনকালেই মেঘালীৰ ওচৰৰ পৰা আঁতৰি যায়৷ মেঘালী ৰৈ যায়, ভগৱানৰ বিদ্ৰোহী হৈ৷ মেঘালীয়ে লগ পায় 'কনভেণ্ট'ৰ মাদাৰ ছুপিৰিয়ৰ-ক আৰু 'কনভেণ্ট'ৰ অনাথ-অসহায় ল'ৰা-ছোৱালীবোৰৰ মাজত বিচাৰি পায় হেৰাই যোৱা জোনক, তাকে তাই বিলাই দিব খোজে নিজৰ সমস্ত ভালপোৱা৷ কিন্তু 'মাদাৰ ছুপিৰিয়ৰে' এই বিশেষ মৰম সহজ ভাবে ল'ব নোখোজে৷ এটি বিশেষ শিশুক নিগাজীকৈ ভালপোৱাটো এক অপৰাধ৷ মাকৰ মৰম হেনো বৰ স্বাৰ্থপৰ৷ জোনৰ প্ৰতিচ্ছবি থকা দীপকো জোৰকৈ এদিন অনাথ আশ্ৰমৰপৰা উলিয়াই নিয়া হয়৷ মেঘালীয়ে আকো এবাৰ জোনক হেৰুৱায়৷ তাই মাদাৰ ছুপিৰিয়ৰৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি কনভেণ্টৰ পৰা ওলাই আহে৷ এনেতে এটা শিশুৰ কান্দোন শুনি তাই পুনৰ অনাথ-গৃহলৈ উভতি যায়৷ তাইৰ অনুভৱ হয় পৃথিৱীৰ সকলো শিশোৰে একে আৰু তাই পৃথিৱীৰ বৃহৎ মানৱ পৰিয়ালটোৰ এজন সদস্য৷
সেই একে বৰ্ষতে শৈল বৰুৱাৰ পৰিচালনাত 'চাকনৈয়া' নামৰ অন্য এক চলচ্চিত্ৰই মুক্তি লাভ কৰে৷ চাকনৈয়া চলচ্চিত্ৰখন পিতৃৰ অকাল মৃত্যুৰ পাছত দুটি কিশোৰৰ জীৱনৰ কৰুণ গাঁথাৰ আধাৰত নিৰ্মিত৷ পিতৃহীনা দুটি কিশোৰ ক্ৰমে জীৱন আৰু গোৱিনৰ আৱেগ কাহিনীবে চলচ্চিত্ৰখন পৰিপূৰ্ণ৷
নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত আন এক পৰিয়ালকেন্দ্ৰিক চলচ্চিত্ৰ হ'ল 'আমাৰ ঘৰ' (১৯৫৯)৷ 'আমাৰ ঘৰ'ৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে৷ “এই সামাজিক ছবিখনত ঘাইকৈ দেখুওৱা হৈছে যে মাহীমাক মাত্ৰেই বেয়া নহয় আৰু দেখুওৱা হৈছে সমাজৰ ওপৰত ফটিকাৰ কু-প্ৰভাৱ৷” ১১
অনিল ভূঞাৰ পৰিচালনাৰে ১৯৬৩ চনত নিৰ্মাণ কৰা 'মাটিৰ স্বৰ্গ' নামৰ চলচ্চিত্ৰৰ বিষয়বস্তু হৈছে অসমৰ দৰিদ্ৰ আৰু ধনী শ্ৰেণীৰ মাজত থকা মানসিকতা আৰু পাৰ্থক্য৷ ১৯৬৩ চনৰ ১ মাৰ্চত চলচ্চিত্ৰখমে মুক্তি লাভ কৰিছিল৷ গিৰিশ চৌধুৰীয়ে 'মাটিৰ স্বৰ্গ'ৰ প্ৰযোজনাৰ লগতে কাহিনী আৰু সংলাপো লিখিছিল৷ চলচ্চিত্ৰখনত এখন অভাৰ-অনাতনে জুৰুলা কৰা গৃহস্থী আৰু আন এখন বিলাস-বৈভৱেৰে উপচি থকা গৃহস্থীৰ চিত্ৰায়ন কৰা হৈছে৷ কিন্তু, উক্ত দুয়োখন গৃহস্থীয়ে যেতিয়া দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কিদৰে ইয়াৰ প্ৰতিকাৰ উলিয়ায়, তাকেই দেখুওৱা হৈছে৷ “মাটিৰ স্বৰ্গ“ ছবিখনত অভিনয় কৰিছে প্ৰসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৰাজ্জিন আলি, সৰ্বেশ্বৰ দত্ত, বিমল নাথ, ভুৱনেশ্বৰ বুজবৰুৱা, ধীবাজ দাস, গণেশ শৰ্মা আৰু আতাউৰ ৰহমানে৷
ফণী শৰ্মাৰ পৰিচালনাৰে ১৯৫৯ চনত নিৰ্মাণ কৰা কেঁচা সোণ' চলচ্চিত্ৰত অসমৰ চাহ-বাগিচাৰ শ্ৰমিকসকলৰ সুখ-দুখ আৰু সমস্যা দেখুৱোৱা হৈছে৷ কঠোৰ পৰিশ্ৰমৰ বাবে সেউজীয়া হোৱা চাহ-বাগানৰ আঁৰত লুকাই থকা কু-সংস্কাৰ আৰু শিক্ষাৰ অভাৱ থকা শ্ৰমিকসকলৰ বিভিন্ন কু-অভ্যাসেই চলচ্চিত্ৰটোৰ মূল বিষয়বস্তু৷ ২৯ মাৰ্চ ১৯৫৯ চনত মুক্তি লাভ কৰা 'কেঁচা সোণ'ৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে৷ আই.এন.টি.ইউ.চি. তেজপুৰ শাখাৰ উদ্যোগত এই ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই প্ৰযোজনা কৰিছিল৷ কেঁচা সোণাৰ সংলাপত বহুলাংশে চাহ-বনুৱাৰ ভাষা ব্যৱহাৰ কৰা হৈছিল৷ চলচ্চিত্ৰখনক অসম চৰকাৰে আমোদ কৰ ৰেহাই দিছিল৷ আমোদ কৰ ৰেহাই পোৱা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ৷ ফণী শৰ্মাৰ পৰিচালনাৰ অধীন ১৯৫৯ চনত মুক্তি পোৱা 'পুৱতি নিশাৰ সপোন' চলচ্চিত্ৰৰ কাহিনী হ'ল এজন মৌজাদাৰ, এক ভণ্ড চতুৰ মাৰোৱাৰী ব্যৱসায়ী আৰু চাহ খেতিয়কৰ পৰিয়ালৰ পৰিস্থিতি৷ একেদৰে, নিপ বৰুৱা পৰিচালিত 'সোণতৰা' (১৯৭৩) চলচ্চিত্ৰত চাহ বাগানৰ পৰিৱেশ আৰু মাতৃৰ স্নেহৰ প্ৰতিচ্ছবি আঁকা হৈছে৷ নলিন দুৱাৰাৰ 'ৰতনলাল' (১৯৭৫) চলচ্চিত্ৰত চাহবাগানসমূহত সাধাৰণ মজদুৰ বনুৱা প্ৰতি কৰা শোষণৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে৷ ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ৷ চাহ বনুৱা সম্প্ৰদায় আৰু বাগানীয়া জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা যোগেশ দাসৰ কাহিনীৰ আধাৰত ৰতনলালৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ভৰত বৰপূজাৰীয়ে৷
অমৰ পাঠকৰ পৰিচালনাত ১৯৬৮ চনত নিৰ্মাণ কৰা 'সংগ্ৰাম' চলচ্চিত্ৰত, এজন আদৰ্শ চাকৰিয়াল হ'বলৈ গৈ এজন মানুহে কিদৰে সংগ্ৰাম কৰিবলগীয়া হয়, সেয়া সুন্দৰ ৰূপত দশৰ্কৰ আগত তুলি ধৰা হৈছে৷
বিংশ শতিকাৰ সত্তৰ দশকৰ সময়ছোৱাত, গাঁও এৰি চহৰলৈ যোৱা শিক্ষিত লোকে কিদৰে নিজৰ জীৱন দুৰ্বিষহ কৰি তোলে, তাৰে ছবি কেইবাখনো অসমীয়া চলচ্চিত্ৰত প্ৰকাশ পোৱা দেখা যায়৷ এইদৰে, 'ললিতা' (১৯৭২), 'বিভ্ৰাট' (১৯৭৭), 'ধৰ্মকাই' (১৯৭৭), আৰু সন্ধ্যাৰাগ' (১৯৭৭) চলচ্চিত্ৰসমূহত চহৰমুখী যাত্ৰাৰ ভয়াবহতাৰ কিছুমান দিশ উন্মোচিত হৈছে৷ 'প্ৰাণগঙ্গা' (১৯৭৬) চলচ্চিত্ৰত নদীৰ প্ৰভাৱ আৰু নৈপৰীয়া সমাজৰ দুখ-দুৰ্দশা বৰ্ণনা কৰা হৈছে৷ নদীৰ সৈতে নৈপৰীয়া ৰাইজৰ সম্পৰ্কৰ বিভিন্ন দিশও চলচ্চিত্ৰখনত দেখিবলৈ পোৱা যায়৷ জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহুদূৰ' (১৯৯৫) চলচ্চিত্ৰত এজন নাৱৰীয়াৰ জীৱন যন্ত্ৰণাৰ কাহিনী বণৰ্ন কৰা হৈছে৷ দিহিং নৈৰ দলং স্থাপন হোৱাত জীবন সংগ্ৰামৰ সৈতে সম্মুখীন হোৱা, আৰু ভবিষ্যতে আৰ্থিক দৈন্যৰ সম্ভাৱনা বৃদ্ধি পোৱা মানসিকভাৰে বিচলিত নহোৱা নাৱৰীয়াৰ কথাবস্তুৰ ওপৰত চলচ্চিত্ৰখন নিৰ্মিত৷ এই চলচ্চিত্ৰত পাৰিবাৰিক দিশেৰে আৰু সমাজৰ কিছুমান নৈতিক মূল্যবোধৰ অৱক্ষয়ৰ ছবি প্ৰকাশ পাইছে৷
১৯৭০ চনৰ ৬ মোত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া সমান্তৰাল ধাঁৰাৰ চলচ্চিত্ৰ 'অপৰাজেয়'৷ ফণী তালুকদাৰৰ মোৰে মলুৱা' শীৰ্ষক অনাতাৰ নাটকখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন 'চতুৰঙ্গ' নামত চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল৷ পৰিচালকসকলৰ অন্তৰ্ভুক্ত আছিল ফণী তালুকদাৰ, অতুল বৰদলৈ, গৌৰী বৰ্মন আৰু মুনীন বায়ন৷ সঙ্গীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে৷ নায়িকা আছিল বঙালী আৰু হিন্দী কথাছবিৰ প্ৰখ্যাত অভিনেত্ৰী ৰাখী৷ তেওঁ এজনী পূৰ্ববঙ্গীয় বঙালী ভগনীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল৷ নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল নৱাগত প্ৰশান্ত হাজৰিকাই৷ অন্য এটা মুখ্য চৰিত্ৰত আছিল পৰাগৰৰ চলিহা৷ সত্ৰনগৰী বৰপেটাৰ পটভূমিত ৰচিত কাহিনীটোৰ কেন্দ্ৰীয় বিষয় আছিল এজনী পূৰ্ববঙ্গীয় ভগনীয়া ছোৱালী আৰু এজন বৰপেটীয়া ডেকাৰ প্ৰেমৰ কাহিনী৷ ইহঁতৰ প্ৰেম বিভিন্ন সংস্কাৰে ভৰা সমাজখনৰ বাধা-বিপত্তি অতিক্ৰম কৰি লক্ষ্যস্থানত উপনীত হোৱাৰ প্ৰয়াসৰ গল্প৷ কাহিনীৰ বিকাশত নাওখেলে শুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷
ঠিক তেনেকৈ, ১৯৯৮ চনত মুক্তি পোৱা 'মোহমুক্তি' চলচ্চিত্ৰতো এক নাৱৰীয়াৰ নাওখেলৰ কাহিনীৰ মাজেৰে সমাজৰ তথাকথিত ধনী মহাজন শ্ৰেণীৰ ভণ্ডামি আৰু সাধাৰণ লোকৰ দাৰিদ্ৰদ্ৰ্যপীড়িত অৱস্থাৰ কথা প্ৰকাশ কৰা হৈছে৷ দৰিদ্ৰতা সমাজৰ এক প্ৰধান অন্তৰায় আৰু ইয়াৰ অমানৱীয় ৰূপ 'কোলাহল' (১৯৮৮) আৰু 'সন্ধ্যাৰাগ' (১৯৭৭) চলচ্চিত্ৰত প্ৰকাশ পাইছে৷ 'কোলাহল' চলচ্চিত্ৰটোৰ বিষয়বস্তু কিছু পৰিমাণে ৰূপকধৰ্মী, কিন্তু অমানৱীয় দৰিদ্ৰতাৰ পৰিণাম হিচাপে মানুহৰ জৈৱিক আকাংক্ষা আৰু দিশ পৰিলক্ষিত হৈছে৷
১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত' কোলাহল' চলচ্চিত্ৰখন শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত নিৰ্মিত৷ চলচ্চিত্ৰখনত অভিনয় কৰে কণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভু ৰঞ্জন চৌধুৰী আদিয়ে৷ চলচ্চিত্ৰখনে ৩৬ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে৷
নিম্নজাত আৰু উচ্চজাতৰ সমাজৰ কিছুমান পুৰাণিক কু-সংস্কাৰ আৰু সেই কু-সংস্কাৰৰ বাবে এক দৰিদ্ৰ নাৰীৰ জীৱনত অহা দুৰ্বিষহ যন্ত্ৰণাৰ ছবি 'সংস্কাৰ' চলচ্চিত্ৰত প্ৰকাশ কৰা হৈছে৷ ১৯৯৭ চনত মুক্তি পোৱা 'সংস্কাৰ' চলচ্চিত্ৰখন মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা৷ ১৯৯৭ চনত ৰাজেন ৰাজখোৱাৰ পৰিচালনাৰ অধীন সপোন চলচ্চিত্ৰটো 'এইডছ' ৰ আধাৰত নিৰ্মিত৷
দেউতি বৰুৱাৰ ১৯৭৫ চনত মুক্তি পোৰা 'বৃষ্টি' চলচ্চিত্ৰত ৰক্ষণশীল অসমীয়া সমাজ আৰু ধনী-দুখীয়াৰ পাৰ্থক্যৰ কাহিনী বৃষ্টি নামৰ চৰিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে৷ মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে৷ যদিও মূলতঃ ই এখন প্ৰেম বিষয়ক চলচিত্ৰ তথাপি ইয়াৰ যোগেদি সমকালীন অসমৰ দুৰ্নীতি, শিক্ষিত নিবনুৱাৰ হা-হুতাশ আৰু ক্ষোভব চিত্ৰ এখন পৰিস্ফুট হৈ পৰিছিল৷
শিবপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত ১৯৭৮ চনত মুক্তি পোৰা 'ফাগুনী' চলচ্চিত্ৰত প্ৰকৃতিৰ সৈতে সম্পৰ্কিত ঘাত-মাউৰা ছোৱালীৰ জীবন কাহিনী আলোচনা কৰা হৈছে৷ অতুল বৰদলৈৰ 'কল্লোল' (১৯৭৮) চলচ্চিত্ৰত নিষ্ঠুৰ জমিদাৰৰ শোষণৰ বিৰুদ্ধে দবিদ্ৰ মাছমৰীয়া জনসাধাৰণে নিজৰ অধিকাৰ উদ্ধাৰ কৰাৰ কাহিনী দেখুওৱা হৈছে৷ ই এখন বিদ্ৰোহাত্মক, প্ৰতীকধৰ্মী চলচ্চিত্ৰ, যাত সামন্তবাদী সমাজ এখনৰ শ্ৰেণীয়স্মৰ বিষয়ে চিত্ৰায়িত কৰা হৈছে৷ ইয়াত সামন্তপ্ৰভু হ'ল এজন জমিদাৰ, যাৰ নাম অনঙ্গপ্ৰসাদ চৌধুৰী (বৰুৱা)৷ স্থানীয় মাছমৰীয়াবোৰ হ'ল সামন্তদাস৷ সিহঁতে মাছ মাবে, গুৰুভাগটো পায় জমিদাবে৷ জমিদাৰ চৌধুৰী ক্ৰোধান্বিত হয়, যেতিয়া মাছমবীয়াবোবে এটা বৃহৎ আকাৰৰ মাছ ধৰাত ব্যৰ্থ হয়৷ অথচ জমিদাৰক উপেক্ষা কৰি চলা বিদ্ৰোহী যুবক মণিয়ে সেই মাছটো ধৰিবলৈ সক্ষম হয়৷ অৱশেষত জমিদাৰৰ বিৰুদ্ধে মাছমৰীয়াবোৰে বিদ্ৰোহ কৰে আৰু সেই বিদ্ৰোহৰ নেতৃত্ব দিয়ে মণিয়ে৷
ভূপেন হাজৰিকাৰ পৰিচালিত 'মন প্ৰজাপতি' ১৯৭৯ চনত মুক্তি পায়৷ গাঁৱলৈ অহা এটি চাৰ্কাচৰ দল আৰু এজন আই. টি.আই পাছ কৰা নিবনুৱাই চাকাঁচৰ ডাইনেমো আৰু চাৰ্কাচৰ ছোৱালীৰ সৈতে সম্মুখীন হোৱা মানসিক সংঘাতৰ কথাবস্তুৰে এই চলচ্চিত্ৰখন সমৃদ্ধ৷ তদুপৰি চাৰ্কাচৰ পটভূমিত নিৰ্মাণ কৰা 'মন প্ৰজাপতি' হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ ৷
দুলাল ৰয় পৰিচালিত আশ্ৰয়' (১৯৭৯) চলচ্চিত্ৰত পুৰুষ সমাজৰ চিৰন্তন প্ৰেম-প্ৰতিহিংসা, সন্দেহ, কামনা আৰু ধৰ্ষণ প্ৰৱণতাৰ কথা বৰ্ণন হৈছে৷
অতুল বৰদলৈৰ পৰিচালনাত ১৯৭৯ চনত মুক্তি পোৱা 'মেঘ' চলচ্চিত্ৰটোৰ বিষয়বস্তু হৈছে ডকাইতৰ জীৱন কাহিনী৷ ঘোঁৰাত উঠি ধনীজনৰ ঘৰত ডকাইতি কৰাৰ দৃশ্যবোৰ ইয়াত সম্পূৰ্ণকৈ হিন্দী চলচ্চিত্ৰৰ শৈলীত উপস্থাপন কৰা হৈছে৷
হেমন্ত দত্তৰ পৰিচালনাত ১৯৮০ চনত মুক্তি পোৱা 'উপপথ' চলচ্চিত্ৰত এখন চহৰৰ কাষত অৱস্থিত বস্তি অঞ্চলৰ জনজীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ প্ৰফুল্ল বৰাৰ একে নামৰ নাটৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে৷ ছবিৰ মুখ্য ভূমিকাত আছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱা৷
শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত ১৯৮৩ চনত মুক্তি পোৱা 'ঘৰ সংসাৰ' চলচ্চিত্ৰত কাকো সন্দেহ কৰা উচিত নহয় বুলি প্ৰকাশ কৰা হৈছে৷ সন্দেহৰ বশৱৰ্তী হৈ অক্ষমণীয় ভুল কৰি প্ৰত্যেকৰে জীৱন নৰক সদৃশ কৰি পেলোৱা হয়, সেই বক্তব্যৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মিত৷ ছবিখনে বাণিজ্যিক ভাৰে যথেষ্ট সফলতা লাভ কৰিছিল৷ শিৰপ্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে ১৯৮৪ চনত মুক্তি পোৱা 'সোণমইনা' চলচ্চিত্ৰখনত আছে মইনা নামৰ এগৰাকী ক্ৰিকেট খেলুৱৈৰ কাহিনী৷ পাৰিবাৰিক এই চলচ্চিত্ৰখনৰ মাধ্যমেৰে ককায়েক ভনীয়েকৰ অপত্য মৰম আৰু ত্যাগক সুন্দৰ ৰূপত দৰ্শকৰ আগত তুলি ধৰা হৈছে৷ পুলক গগৈৰ ১৯৮৪ চনত মুক্তি পোৱা 'সেন্দূৰ চলচ্চিত্ৰখন কথাবস্তু হৈছে বিধৱা হৈয়ো বৈধব্যক নমনা এগৰাকী নাৰীৰ মনৰ অন্তৰ্দ্ধন্দ্ৰৰ কাহিনী৷
চাৰু কমল হাজৰিকাৰ পৰিচালনাত ১৯৮৪ চনত মুক্তি পোৱা 'আলোকৰ সন্ধান' চলচ্চিত্ৰত অসমৰ পৰম্পৰাগত বস্ত্ৰ শিল্পৰ সমৃদ্ধি আৰু উন্নয়ন সাম্প্ৰতিক সময়ত কিদৰে সমাজক স্বাবলম্বী কৰি তুলিব পাৰি তাৰ কাহিনী দৰ্শোৱা হৈছে৷ আনহাতে, ১৯৮৬ চনৰ 'বান' চলচ্চিত্ৰত মাজুলী দ্বীপৰ জনসাধাৰণৰ পৰম্পৰাগত ঐতিহ্য আৰু সম্প্ৰীতিৰ বিষয়বস্তুৰ সৈতে স্বাধীনতা আন্দোলনত মাজুলীবাসীৰ অৱদান আৰু মথাউৰি নিৰ্মাণৰ জৰিয়তে মাজুলীত হোৱা দুৰ্নীতিৰ প্ৰতি জনসচেতনতা সৃষ্টিৰ চেষ্টাৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ 'বান' শব্দটোক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে, সাধাৰণ বানপানীৰ বিপৰীতে অন্যায়ৰ বিৰুদ্ধে জনজাগৰণৰ অভিপ্ৰায়ৰ দ্বাৰা 'বান'ৰ অৰ্থ বুজোৱা হৈছে৷ নদীদ্বীপ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান৷ প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই মাজুলীক জুৰুলা কৰি আহিছে৷ বান নিয়ন্ত্ৰণৰ নামত চৰকাৰী বিষয়া আৰু ঠিকাদাৰসকলে দুৰ্নীতিৰ পোহাৰ মেলে৷ এই দুৰ্নীতিৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামী এজনৰ ডেকা পুত্ৰই ঠিয় দিয়ে৷ থুলমূলকৈ এয়ে ছবিখনৰ কাহিনী৷
বিংশ শতিকাৰ আশীৰ দশকতো কেইবাখনো জনপ্ৰিয় অসমীয়া সামাজিক চলচ্চিত্ৰই মুক্তি লাভ কৰিছিল৷ তাৰ ভিতৰত উল্লেখযোগ্য হালধিয়া চৰায়ে বাওধান খায় (১৯৮৭), জেতুৰ্কী (১৯৮৭), সূত্ৰপাত (১৯৮৭), পিতাপুত্ৰ (১৯৮৮), কোলাহল (১৯৮৯)৷ ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ হৈছে “হালধিয়া চৰায়ে বাওধান খায়“ ৷ পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰ খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ “হালধিয়া চৰায়ে বাওধান খায়” নামৰ জনপ্ৰিয় উপন্যাস আধাৰিত৷ চলচ্চিত্ৰখনে ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৭) শ্ৰেষ্ঠ স্বৰ্ণকমল বঁটাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বটাও লাভ কৰিব সক্ষম হৈছিল৷ চলচ্চিত্ৰখনত সমাজৰ সাধাৰণ কৃষকক তথাকথিত প্ৰভাৱশালী মহাজনে কেনেদৰে শোষণ কৰে তাৰ এক সুন্দৰ বৰ্ণনাৰ প্ৰতিফলন ঘটিছে৷ ঋণ আৰু সুতৰ বোজাত ককবকাই থকা ৰসেশ্বৰে কেনেকৈ টকাৰ বিনিময়ত নিজৰ খেতি কৰা মাটিডোখৰ জমিদাৰ সনাতনহৰ হাতত হেৰুৱাব লগা হল, লগতে সাধাৰণ শ্ৰেণীৰ মানুহে কেনেদৰে ন্যায়ৰ আশাত আদালতৰ দুৱাৰে- দুৱাৰে দৌৰিও ন্যায়ৰ পৰিৱৰ্তে দুৰ্দশাগ্ৰস্থহে ভাগ্যৰত টানি আনিব লগা হয় সেই চিত্ৰও সুন্দৰৰূপত দৰ্শকৰ আগত উপস্থাপন কৰা হৈছে ৷
জেতুকী“ চলচ্চিত্ৰখনত পাৰিবাৰিক কাহিনীয়ে স্থান লাভ কৰিছে৷ এজনী সহজ-সৰল, দুখীয়া গাঁৱলীয়া ছোৱালী জেতুকী৷ তাইৰ সৈতে প্ৰেম হয় চহৰৰ চহকী পৰিয়ালৰ সন্তান প্ৰদীপৰ৷ এই সম্পৰ্কত বিৰোধিতা কৰে প্ৰদীপৰ দেউতাকে৷ সেইবাবে প্ৰদীপে ঘৰৰ পৰা ওলাই আহি জেতুকীক বিবাহ কৰায়৷ দাম্পত্য জীৱনৰ চিন স্বৰূপে তেওঁলোকৰ ল'ৰা এটা ওপজে৷ বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে কাহিনী আগবাঢ়ে আৰু সামৰণিত পুত্ৰ, বোৱাৰী আৰু নাতিক প্ৰদীপৰ দেউতাকে আদৰি লয়৷ “জেতুকী” শীৰ্ষক চলচ্চিত্ৰখনি সাম্প্ৰতিক সময়ৰসতেও খাপ খোৱা৷ ধনী-দুখীয়াৰ প্ৰেমক সহজে পৰিয়ালৰ লোকৰ লগতে সমাজৰ একাংশই আদিৰে পৰা বিৰোধিতা কৰি থকা লক্ষণীয়৷ ধনী-দুখীয়াৰ প্ৰেম কাহিনীক কেন্দ্ৰ কৰি ইতিমধ্যে কেইবাখনো জনপ্ৰিয় হিন্দী চলচ্চিত্ৰও নিৰ্মাণ কৰা হৈছে৷ বিংশ শতিকাৰ সত্তৰ দশকৰ ববি (১৯৭৩) চলচ্চিত্ৰখন তেনে এক উল্লেখযোগ্য হিন্দী চলচ্চিত্ৰ ৷
বাড-১৯৮৭ চনত মুক্তি প্ৰাপ্ত “সূত্ৰপাত“ চলচ্চি আন্দো ন্দোলন বিষয়ক চলচ্চিত্ৰ নহয়৷ মূলতঃ ইয়াৰ কাহিনী সাম্প্ৰদায়িক সংহতিমূলক চুটিছবি এখন নিৰ্মাণ কৰিব বিচৰা ডেকাৰ বিভিন্ন ঘাত-প্ৰতিঘাত বিষয়কহে৷ পিতা-পুত্ৰৰ আদৰ্শগত সংঘাতক কেন্দ্ৰ কৰি অমূল্য কাকতিয়ে ৰচনা কৰা অংকুৰ নামৰ গল্পৰ আধাৰত পিতা-পুত্ৰ চলচ্চিত্ৰখন নিৰ্মিত৷ ১৯৮৮ চনত মুক্তি লাভ কৰা এঈ চলচ্চিত্ৰখনৰ পৰিচালনা মুনীন বৰুৱাব৷ ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত কোলাহল চলচ্চিত্ৰখন ভবেন্দ্ৰনাথ শইকীয়াৰ ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত নিৰ্মিত৷ এগৰাকী নাৰীৰ দুখ-দুৰ্দশা, পুৰুষৰ দ্বাৰা প্ৰতাৰণা আদি বিষয়কেন্দ্ৰীক চলচ্চিত্ৰখন সাম্প্ৰতিক সমপোযোগী চলচ্চিত্ৰ৷
বিংশ শতিকাৰ শেষৰ দশকত বিভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি বহুতো জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল আৰু এই চলচ্চিত্ৰসমূহৰ প্ৰতি সঁহাৰি আছিল ইতিবাচক৷ এই দশকৰ চলচ্চিত্ৰসমূহৰ গীতসমূহেও যথেষ্ট সমাদৰ লাভ কৰিছিল৷ বিংশ শতিকাৰ নব্বৈৰ দশকত সমাজ কথাবস্তৰ আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ক্ৰমে সাৰথি (১৯৯১), প্ৰভাতী পখীৰ গান(১৯৯২), হলধৰ (১৯৯৩), মীমাংসা (১৯৯৪), ইতিহাস (১৯৯৬), অদাহ্য (১৯৯৬) আদি উল্লেখযোগ্য৷
বিংশ শতিকাৰ অসমীয়া চলচ্চিত্ৰবোৰ সাধাৰণতে বিভিন্ন স্পৰ্শকাতৰ সমাজ বিষয়ক কাহিনী আৰু বিষয়বস্তুৰ আধাৰকেন্দ্ৰিক ৷ বিংশ শতিকাৰ অসমীয়া চলচ্চিত্ৰ মাজেৰে অসমীয়া সমাজ-জীবন, সংস্কৃতি তথা জাতি-জনজাতিৰ মাজত আদৰ্শ আদি দেখা পোৱা যায়৷ এই শতিকাৰ সামাজিক চলচ্চিত্ৰসমূহৰ মাজেদি সমকালীন সমাজৰ বিভিন্ন দিশ আৰু কাহিনী সুন্দৰৰূপত প্ৰতিফলিত হৈছে৷
প্ৰসংগ টীকাঃ
১. গোহাঁই, হীৰেন (সম্পা.): জ্যোতিপ্ৰসাদ আগৰৱালা, ২০০৩, পৃ.৫৩৩
২. উল্লিখিত গ্ৰন্থ, পৃ.৫৩৫
৩. উল্লিখিত গ্ৰন্থ,
৪. নেওগ, সুব্ৰতজ্যোতি, চলচ্চিত সাহিত্য, গুৱাইটী, আঁক-বাক, ২০১৪, পৃঃ১২
৫. Robert Morrison MacIver, and Charles Hunt Page. Society, an Introductory Analysis, by R.M. Macl-Ver and Charles H. Page. 1959, p. 5.
৬. হাজৰিকা, অতুল চন্দ্ৰ, মঞ্চলেখা, গুৱাহাটী, লয়াৰ্চ বুক ষ্টল, ১৯৯৫, পৃঃ ৩০৯
৭. দাস, অৰুণলোচন, ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, গুৱাহাটী, শিশু-শশী প্ৰকাশন, ২০১৩, পৃঃ ৪০,
৮. হাজৰিকা, অতুল চন্দ্ৰ, মঞ্চলেখা, গুৱাহাটী, লয়াৰ্চ বুক ষ্টল, ১৯৯৫, পৃঃ ৩১১
৯. উল্লিখিত গ্ৰন্থ, পৃ.৫৩৫,
১০. দাস, অৰুণলোচন, ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, গুৱাহাটী, শিশু-শশী প্ৰকাশন, ২০১৩, পৃঃ ৫৩-৫৪.
১১. হাজৰিকা, অতুল চন্দ্ৰ, মঞ্চলেখা, গুৱাহাটী, লয়াৰ্চ বুক ষ্টল, ১৯৯৫, পৃঃ ৩৩
১২. দাস, অৰুণলোচন, ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, গুৱাহাটী, শিশু-শশী প্ৰকাশন, ২০১৩, পৃঃ ৯৪.

No comments