অনুৰঃ বৃদ্ধকালৰ একাকিত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ চিত্ৰণঃ যদুমণি গগৈ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি ‘অনুৰ’। ‘অন্তৰীণ’ আৰু ‘কানীন’ৰ পা...
অনুৰঃ বৃদ্ধকালৰ একাকিত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ চিত্ৰণঃ যদুমণি গগৈ
চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি ‘অনুৰ’। ‘অন্তৰীণ’ আৰু ‘কানীন’ৰ পাছত এইখন তেখেতৰ তৃতীয়খন কলাত্মক ছবি। অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত নিৰ্মিত ‘অনুৰ’ অসমীয়া চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন। ছবিখনৰ চৰিত্ৰ অনুযায়ী প্ৰতিগৰাকী শিল্পীৰ অভিনয়শৈলী সুকীয়া আৰু মনোগ্ৰাহী। সংলাপৰ বাহুল্য নাই। যান্ত্ৰিক পৃথিৱীখনত সকলো থকাৰ পাছতো বৃদ্ধকালত লাভ কৰা একাকিত্ব আৰু কৃত্ৰিমতাক অতিক্ৰম কৰি সহৃদয় মানৱীয় সম্পৰ্ক এটা গঢ়ি তুলিব বিচৰা প্ৰাক্তন শিক্ষয়িত্ৰী অনুপমা বৰুৱা (ডাঃ জাহানাৰা বেগম) আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লছিদ মুদিয়াৰ (ৰজত কাপুৰ) আজিৰ সমাজখনৰ একোটা অসহায় চৰিত্ৰ। কেৰিয়াৰ আৰু চাকৰিসৰ্বস্ব জীৱনত বৃদ্ধা মাতৃক লৈ সমস্যাৰ উদ্ভৱ হৈছে বুলি ক’বলৈ কুণ্ঠাবোধ নকৰা পুত্ৰ (মাকৰ মৰমৰ দেউতি, অভিষেক)ও আজিৰ ক্ষয়িষ্ণু সমাজখনৰ জীৱন্ত প্ৰতিনিধি। অৱশ্যে ছবিখনৰ কাহিনীয়ে ব্যক্তিগতভাৱে কাকো দোষাৰোপ কৰা নাই। ইয়াৰ বিপৰীতে ঔম, এমিনা, নিজু, লাবণ্য পেহীৰ দৰে মানুহবোৰ কৃত্ৰিমতাৰ পৰিধিৰ বাহিৰত। সাম্প্ৰতিক সমাজখনক বস্তুবাদী মানসিকতাই গ্ৰাস কৰাৰ মাজতো অনুপমা বৰুৱা আৰু তেখেতৰ লণ্ডনত থকা কণমানি নাতিনীয়েকৰ মাজত ভিডিঅ’ কলৰ জৰিয়তে হোৱা কথোপকথনত বৰুৱাই ঘৰৰ বাৰীৰ ফলমূলৰ সৈতে নাতিনীয়েকক চিনাকি কৰাই দিছে। নাতিনীয়েকে আইতাকৰ সৈতে ভালদৰে কথা পাতিবলৈ নোপোৱাক লৈ অভিমান কৰিছে। ছবিখনত নাতিনীয়েক চৰিত্ৰটোৰ উপস্থিতি তেনেই কম যদিও সেইকণ সময়তেই আইতাক আৰু নাতিনীয়েকৰ মাজৰ মধুৰ সম্পৰ্কক সাৱলীলভাৱে উপস্থাপন কৰা হৈছে। এনেবোৰ ঘটনাৰ মাজেদি উত্তৰপ্ৰজন্মক শিপাৰ সৈতে সংপৃক্ত কৰাৰ প্ৰয়াস ছবিখনত দেখিবলৈ পোৱা যায়। পুত্ৰ কৰ্মসূত্ৰে লণ্ডনত থকাৰ বাবে জীবনৰ শেষ বয়সত অকলশৰে বসবাস কৰা বৰুৱাৰ বাবে এমিনা, ঔম আৰু নিজুৰেই সাৰথি।
কিতাপ মানুহৰ পৰম বন্ধু। অনুপমা বৰুৱায়ো কিতাপৰ সংগ ভাল পায়। এদিন ৰাতি তেখেতে হাতত তুলি লৈছে ‘এজন নিবিচৰা আলহী’ শীৰ্ষক গ্ৰন্থখন। সমান্তৰালভাৱেই প্ৰবেশ ঘটিছে লছিদ মুদিয়াৰ নামৰ চৰিত্ৰটিৰ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ এই বিষয়াজন অনুপমা বৰুৱাৰ ঘৰৰ কাষৰে এটা ফ্লেটত থাকে। পৰিয়াল বুলিবলৈ ল’ৰা-ছোৱালীহাল আৰু তেখেত। ল’ৰা-ছোৱালীহাল কৰ্মসূত্ৰে আঁতৰত থাকে। বৃদ্ধ বয়সত তেখেত অকলশৰীয়া আৰু হৃদৰোগী। ভিটামিন ডিৰ প্ৰয়োজনত ব’দ লবৰ বাবে তেখেতে অনুপমা বৰুৱাৰ ঘৰৰ ল’নখনলৈ আহে। এনেকৈয়ে তেখেতৰ বৰুৱাৰ লগত চিনাকি হয়।
মানুহৰ জীৱনত নিবিচৰাকৈয়ে বহু ঘটনা সংঘটিত হয়। নিবিচৰাকৈয়ে বহু ব্যক্তিৰ প্ৰৱেশ ঘটে। তাৰে কিছু ঘটনা বা ব্যক্তিয়ে মানুহৰ উপকাৰ সাধন কৰিব পাৰে আৰু কিছু ঘটনা বা ব্যক্তিয়ে হয়তো অপকাৰ সাধন কৰিব পাৰে। অচিনাকি লছিদ মুদিয়াৰৰ লগত চিনাকি হোৱা, নিজৰ ঘৰত সংঘটিত হোৱা ডকাইতি ইত্যাদি ঘটনাবোৰ অনুপমা বৰুৱাৰ বাবে নিতান্তই অবাঞ্ছিত আছিল। সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে অনুপমা বৰুৱাৰ ঘৰত ডকাইতিৰ কাণ্ড সংঘটিত হোৱাৰ পাছৰ পৰাই ছবিখনে এটা নতুন গতি লৈছে। এই ঘটনাৰ পাছত তেওঁ কিছু সহৃদয় মানুহক চিনিব পাৰিছে। কিছু মানুহৰ অমানৱীয় আৰু স্বাৰ্থপৰ ৰূপ দেখিবলৈ পাইছে। সদায়ে কাষত ছাঁটোৰ দৰে লাগি থকা পুত্ৰসম ঔমৰ নিঃস্বাৰ্থ ৰূপটো দেখা পাইছে। পড়াশুনাত বেয়া বুলি সকলোৱে হাঁহা নিজুৰ শক্তিশালী Presence of mindৰ উমান পাইছে। সেয়ে শেষত তেখেতে নিজুক কৈছে-
“সকলোৱে মূৰ সমান নহয়। কেৱল পড়াশুনাই সকলো নহয়। তাৰ বাহিৰেও পৃথিবীত আন বহুত কিবাকিবি আছে।” বিনাদ্বিধাই তেখেতৰ আগত নিজৰ সমস্যাবোৰৰ কথা খুলি কোৱা, তেখেতৰ প্ৰতিটো কথাই মানি লোৱা এমিনাৰ সবল ৰূপটো দেখা পাইছে। লছিদ মুদিয়াৰৰ পৰোপকাৰী মানবীয় স্বভাৱটোক চিনিব পাৰিছে। এজনে আনজনৰ বিপদৰ সময়ত কাষত থিয় দিছে। ইয়াৰ বিপৰীতে নিজৰ তেজৰ আপোনজনৰ পৰা পাইছে মাথোন যন্ত্ৰণা। অনুপমা বৰুৱাৰ মনত দুই ধৰণৰ দ্বন্দ্বই ক্ৰিয়া কৰি উঠিছে। এফালে অচিনাকি হৃদয়বান ব্যক্তিজনক তেওঁ কাষত বিচাৰিছে, অথচ সমাজৰ ভয়ত সেয়া মুকলিকৈ প্ৰকাশ কৰিব পৰা নাই। আনফালে চিনাকি মানুহৰ স্বাৰ্থপৰ ৰূপটো দেখি এবিবও পৰা নাই, ধৰিবও পৰা নাই। সেয়ে সকলোৱে অলক্ষিতে তেওঁ পাৰ্কলৈ গৈ লছিদ মুদিয়াৰৰ সৈতে মনৰ কথাবোৰ পাতিছে, ঔম, নিজু, এমিনাহঁত থকাৰ পাছতো নিঃসংগ অনুভব কৰাৰ কথা কৈছে। লছিদ মুদিয়াৰে কৈছে- “They are around you but not with you.” এৰা, সকলো থকাৰ পাছতো মানুহ কেতিয়াবা বৰ নিঃসংগ হৈ পৰে। একাকিত্বক বুজাবলৈ ইয়াতকৈ শক্তিশালী সংলাপৰ প্ৰয়োজন নহ’ব। যেতিয়া তেখেতে দুয়ো একেলগে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিছে, তেতিয়াও অনুপমা বৰুৱাই মানুহলৈ ভয় কৰি এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে। লগে লগে মুদিয়াৰে কৈ উঠিছে- “মানুহবোৰ চকীদাৰ নেকি?”
দৰাচলতে এই প্ৰশ্নটো আজিৰ প্ৰেক্ষাপটত অত্যন্ত প্ৰাসংগিক। আমি মানুহবোৰে সুবিধা পালেই আনৰ ব্যক্তিগত জীৱনত অনাহকৰ হস্তক্ষেপ কৰি ভাল পোৱা হৈছোঁ নেকি? আনে কি কৰিছে বা নাই কৰা তাক লৈ বেছি ব্যস্ত হৈ পৰিছোঁ নেকি? এই প্ৰশ্নটোৰে এনে অনেক চিন্তাৰ অৱকাশ দি থৈ যায়। সাধাৰণ নাগৰিকৰ নিৰাপত্তাহীনতাৰ প্ৰসংগটোৰ উপস্থাপনো মন কৰিবলগীয়া।
এফালে পূৰ্বে উল্লেখ কৰা দুই ধৰণৰ দ্বন্দ্ব আৰু আনফালে বৃদ্ধকালৰ একাকিত্বৰ যন্ত্ৰণা—এই দুয়োটাই অনুপমা বৰুৱাক শেষলৈকে পীড়িত কৰি ৰাখিছে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেখেতে এখন দুৱাৰ বা এটা বাট বিচাৰি ফুৰিছে।
ছবিখনৰ শেষৰ দৃশ্যটোত প্ৰতীকায়ক ৰূপত এই কথাকেই উপস্থাপন কৰা হৈছে। অৱশ্যে কাহিনীকাৰ আৰু পৰিচালকে অনুপমা বৰুৱাই সেই আকাংক্ষিত বাটটো বিচাৰি পালে নে নাই সেই প্ৰশ্নটো দৰ্শকৰ মাজলৈ এৰি দিছে। সেই উত্তৰ প্ৰতিজন দৰ্শকে নিজৰ ধৰণেৰে বিচাৰি ল’ব।
ছবিখনত পৰিচালক মঞ্জুল বৰুৱাৰ দক্ষতাৰ উমান দেখিবলৈ পোৱা যায়। তেখেতে ঘটনাক দৰ্শকৰ মন-মগজুক আলোড়িত কৰি তুলিব পৰাকৈ উপস্থাপন কৰিছে। ছবিখনৰ আৱহ সংগীত সুন্দৰ যদিও সামগ্ৰিকভাৱে সংগীত ব্যৱস্থাপনা আৰু উন্নত কৰাৰ থল আছিল বুলি মনে ধৰে। অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ উচ্চতা সম্পৰ্কত কোনো সন্দেহ নাই। অৱশ্যে ছবিখনৰ কাহিনীৰ গতি লেহেমীয়া হোৱা যেন বোধ হ’ল। কিছু দৃশ্যক অধিক সম্পাদনাৰ জৰিয়তে চুটি কৰি অথবা বাদ দি কাহিনীৰ গতিশীলতা বৃদ্ধি কৰাৰ থল আছিল বুলি ভাবো। সামগ্ৰিকভাৱে, ‘অনুৰ’ সাম্প্ৰতিক ক্ষয়িষ্ণু সমাজ-জীৱন আৰু মানবীয় সম্পৰ্কক তুলি ধৰা এখন ভাল ছবি।


No comments