দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত, ইউৰোপৰ আনবোৰ দেশৰ দৰে ফ্ৰান্সতো ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক অস্থিৰতা বিৰাজ কৰিছিল আৰু চিনেমাৰ ক্ষেত...
দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত, ইউৰোপৰ আনবোৰ দেশৰ দৰে ফ্ৰান্সতো ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক অস্থিৰতা বিৰাজ কৰিছিল আৰু চিনেমাৰ ক্ষেত্ৰত এই সময়ছোৱা আছিল দুটা যুগৰ মধ্যৱৰ্তী সময়, অৰ্থাৎ পৰম্পৰাগত চিনেমা আৰু নতুন সম্পৰীক্ষাৰ চিনেমাৰ মাজৰ সময়ছোৱা। জার্মানীয়ে ফ্রান্স দখল কৰি থকা সময়ছোৱাত ফ্ৰান্সৰ প্ৰতিভাশালী চিত্ৰ পৰিচালকসকল, যেনে-ৰেণে ক্ৰেয়াৰ, জাঁ ৰেনোৱাঁ, জেক্ ফেইদাৰ আদিক নির্বাসিত কৰা হৈছিল। যুদ্ধৰ অভিজ্ঞতাই মানসিকভাবে বিধ্বস্ত কৰি তোলা এই মধ্যবর্তী সময়ছোৱাত ফ্ৰান্সৰ পৰম্পৰাগত শৈলীৰ আধাৰত চিত্ৰ নিৰ্মাণ কৰা পৰিচালকসকল আৰু নতুন সম্পৰীক্ষাৰ দ্বাৰা চিত্ৰ নিৰ্মাণ কৰা নতুন চিনেমা পৰিচালকসকলৰ মাজত এক গভীৰ প্ৰজন্মৰ ব্যৱধান দেখা যায়।
এনেকুৱা ধৰণৰ সামাজিক প্রেক্ষাপটত ফৰাছী চিনেমা ইতিহাসলৈ এক নতুন পৰিভাষা কঢ়িয়াই অনা এখন যুগান্তকাৰী ফৰাছী চিনেমা আলোচনী আছিল 'কাহিয়াৰ্চ দ্যু চিনেমা' যাৰ ছত্ৰছায়াতেই জন্ম হৈছিল ফৰাছী 'নৱ-তৰংগ' নামৰ ধাৰাটিৰ। ১৯৫১ চনত আঁন্দ্ৰে বাজাঁ আৰু জেক ডন'ল ভেলেৰ'জে এই আলোচনীখনৰ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ জৰিয়তে জন্ম হৈছিল এদল ডেকা চিনেমা সমালোচকৰ, যেনে- ফ্রেংক'চ ট্রুফু', জাঁ লুক গডাৰ, ক্ল'ড চাৰ্ব্বল, জেক্ ৰিভেলেট্ আৰু এৰিক ৰ'মাৰ- যিসকল পৰৱৰ্তী পৰ্যায়ত 'নৱ তৰংগ' ধাৰাৰ খ্যাতনামা চিত্র নির্মাতা হিচাপে প্রতিষ্ঠা লাভ কৰে। এই ডেকা উদ্যমী সমালোচক দলটো আছিল চিনেমা প্রেমী আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ কালছোৱাত আমেৰিকা আৰু ধ্রুপদী ফৰাছী ছবিসমূহে তেওঁলোকৰ চিন্তনৰ উত্তৰণ ঘটাইছিল। জর্জ ফাল্গু আৰু লেংল'চৰ তত্ত্বাৱধানত ১৯৩৬ চনত 'চিনেমাটেক্' নামৰ আৰকেইভটোৰ জন্ম হৈছিল, য'ত বহি গ্রিফিথ, গেনচ্, ভিগু আৰু ৰেনোৱাঁ আদি কালজয়ী পৰিচালকসকলৰ ছবিবোৰ চোৱাৰ সু-ব্যৱস্থা আছিল। ডেকা সমালোচকৰ দলটোৱে চিনেমাৰ নতুন নতুন টেকনিকৰ সৈতে পৰিচিত হৈ নিজৰ অভিজ্ঞতাৰ সম্প্ৰসাৰণ কৰিছিল।
আলেকজেণ্ডাৰ এষ্ট্ৰাক নামৰ ফৰাছী চিনেমা সমালোচকগৰাকীৰ ১৯৪৮ চনৰ মাৰ্চ মাহত প্রকাশিত হোৱা 'এল' এক্ৰন ফ্রাংকেইচ্' নামৰ প্ৰৱন্ধটোৱে উদ্যমী আৰু উৎসাহী ডেকা পৰিচালকক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। 'কেমেৰা-কলম' সম্পর্কে তেওঁ প্রবন্ধটোত কয় যে চিনেমা লিখিত ভাষাৰ দৰে গভীৰ আৰু নমনীয় আৰু পৰিচালকসকলে লেখকৰ কলমটোৰ দৰে কেমেৰাৰ গতি নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সেইবাবে পৰিচালকক লেখকৰ মৰ্যাদা প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল। বৰ্ণনাৰ আতিশয্যাৰ দৰে পৰম্পৰাগত দৃশ্যায়ন পদ্ধতিৰপৰা আঁতৰি আহি এস্ট্রাকে নতুন দৃশ্য-শ্রাব্য ভাষা উদ্ভাৱন কৰিবলৈ যত্ন কৰিছিল আৰু এই বিষয়ে তেওঁ কয়- “ছবিৰ মৌখিক সমস্যাটো হ'ল ভাব প্ৰকাশৰ উপায় বিচাৰি উলিওৱা। ছবিৰ বুৰঞ্জীত ভাষাৰ সৃষ্টিয়ে সকলো তাত্বিক আৰু লেখকক সদাব্যস্ত কৰি আহিছে, আইজেনষ্টাইনৰ পৰা চিত্ৰ-নাট্য প্রস্তুতকাৰীসকললৈকে আৰু শব্দ বা কথা ছবিৰ অভিযোজনাকাৰী সকললৈকে।””
কাহিয়াচ সমালোচকসকলৰ দুটা মূল নীতি আছিল-প্রথমতে, তেওঁলোকে পৰম্পৰাগত ম 'ন্টাজ শৈলী প্রত্যাখান কৰি মিজন চিন, লং টেক্, গভীৰ সংৰচনাৰ সমৰ্থন কৰিছিল। মিজন্ চিত্ৰ লগত সম্পৃক্ত হৈ থকা অপৰিহাৰ্য দিশটো হ'ল যে চিনেমা কেৱল বৌদ্ধিক বা যুক্তিপূর্ণ অভিজ্ঞতাই নহয়, ই আৱেগিক আৰু মনঃস্তাত্ত্বিক অভিজ্ঞতাও। দ্বিতীয়তে, তেওঁলোকে বিশ্বাস কৰে যে শ্রেষ্ঠ ছবি এজন ব্যক্তিৰ স্বকীয় ব্যক্তিসত্তা আৰু নান্দনিক চিন্তনৰ বহিঃপ্রকাশ, যিদৰে এখন বিখ্যাত গ্রন্থ লেখকগৰাকীৰ সত্তাৰ প্ৰতিফলন। ইয়াৰপৰাই 'পৰিচালকৰ ছবি' বা 'অ'টৰ থিয়'ৰী'ৰ ধাৰণাটো জন্ম হয়। এই তত্ত্বটোত বিশ্বাসী কাহিয়ার্চ সমালোচকসকলে পৰম্পৰাগতভাৱে চলি থকা ফৰাছী ব্যৱসায়িক ছবিবোৰ প্রত্যাখান কৰি আঁকোৱালি লৈছিল সেইবোৰ ফৰাছী আৰু আমেৰিকান ছবি যিবোৰ আছিল পৰিচালকগৰাকীৰ সত্তাৰ স্বাক্ষৰ স্বৰূপ। কাহিয়াৰ্চ সমালোচক যিকেইগৰাকী ফৰাছী পৰিচালকৰ ব্যক্তিসত্তাক তেওঁলোকৰ ছবিত বিচাৰি পাইছিল, তেওঁলোেক আছিল- জাঁ ভিগু, ৰেনোৱাঁ, ৰব্ৰাট ব্ৰেশ্বন, মার্চেল অপোেলচ্, জাঁ কক্ত্যু আৰু আমেৰিকান পৰিচালকসকল আছিল- জন ফ'ৰ্ড, ৱেলেচ, হিষ্কক, হ'কচ্, লেং, নিক'লাচ ৰে আৰু এন্থনী মান।
১৯৫৪ চনৰ জানুৱাৰী মাহত 'কাহিয়াৰ্চ দ্যু চিনেমা' আলোচনীখনত ফ্রেংকচ ট্রুফু'য়ে তেওঁৰ 'এ চাৰটেইন টেন্ডেঞ্চি ইন ফ্রেন্স চিনেমা' নামৰ প্ৰবন্ধটোত যুদ্ধ পৰৱৰ্তী পৰ্যায়ৰ পৰম্পৰাগত মানদণ্ডৰ কঠোৰভাৱে সমালোচনা কৰে কাৰণ পৰম্পৰাগত ছবিবোৰত বিষয়বস্তু আৰু সংলাপৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হৈছিল, এনেধৰণৰ ছবিবোৰত মুখ্য ভূমিকা লৈছিল চিত্ৰনাট্যকাৰে আৰু পৰিচালকক কোৱা হৈছিল "The gentleman who added the picture' বুলিহে। নব্যতৰংগৰ সমালোচকসকলে পৰম্পৰাগত মানদণ্ডৰ ছবিবোৰক ‘Cinema du papa' অর্থাৎ 'দেউতাৰ ছবি' হিচাপে অভিহিত কৰে।
কুৰি শতিকাৰ পঞ্চাশ আৰু ষাঠি দশকতে ফৰাছী নব্য-তৰংগৰ ছবিবোৰৰ অস্তিত্ব দেখা যায়। জাঁ লুক গড়াবে নব্য তৰংগৰ আবেগ উপলব্ধি কৰি নৱ্য-তৰংগৰ বিষয়ে 'কাহিয়াৰ্চ দা চিনেমা' আলোচনীখনত কয়- "আংশিকভাবে সমগ্র নব্য তৰংগৰ সংজ্ঞা কল্পনা আৰু বাস্তৱৰ সৈতে ইয়াৰ নতুন সম্পৰ্কৰ দ্বাৰা আগবঢ়াব পৰা যায়।” ফৰাছী নব্য-তৰংগ ছবিবোৰৰ কিছুমান বিশেষ লক্ষণ আছিল আৰু সেইবোৰৰ ভিতৰত কিছুমান উল্লেখনীয় বৈশিষ্ট্য আছিল- কম বাজেটত ছবি নিৰ্মাণ কৰা আৰু সেইবাবে বন্ধু-বান্ধৱৰ বাসভৱনত চিত্রগ্রহণ কৰিছিল, পৰিচালক বন্ধু-বান্ধৱীবোৰক অভিনেতা আৰু কলা-কুশলী হিচাপে ছবিবোৰত জড়িত কৰাইছিল; পৰিচালকে বেছিভাগ ক্ষেত্ৰতেই চিত্রগ্রহণ কৰোতে প্রয়োজন হোৱা সা-সঁজুলিৰ অভাৱৰ লগত আপোচ কৰিছিল, উদাহৰণস্বৰূপে গডাৰে 'ব্রেথলেচ' ছবিখন নির্মাণ কৰি থকাৰ সময়ত কিছুমান ট্ৰ'লিৰে শ্বটৰ (চিনেমাৰ কেমেৰা তুলি লোৱা সৰু গাড়ী) বাবে চকা থকা চকীৰ ওপৰত কেমেৰা উঠাই দৃশ্যগ্রহণ কৰিছিল। নব্য-তংৰগ পৰিচালকসকলে নির্দিষ্ট স্থানত গৈ চিত্রগ্রহণ কৰিছিল, যেনে-গডাৰে 'ব্রেথলেচ' নিমাৰ্ণৰ সময়ত পেৰিছ আৰু মার্চেলিন্ত গৈ ১৯৫৯ চনৰ ১৭ আগষ্টৰপৰা ১৫ ছেপ্টেম্বৰলৈকে থাকি চিত্রগ্রহণ কৰিছিল। তেওঁলোকে ষ্টুডিঅ'ৰ পোহৰৰ পৰিৱৰ্তে প্ৰাকৃতিক পোহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। তেওঁলোকে হাতেৰে সহজে ধৰিব পৰা ৩৫মিঃ মিঃ কেমেৰা ব্যৱহাৰ কৰি চিত্ৰগ্ৰহণ কৰিছিল। এটা সৰু টেপ ৰেকৰ্ডাৰ ইলেকট্র 'নিক মাধ্যমেৰে কেমেৰাটোৰ সৈতে সংৰচনা কৰি অভিনেতা-অভিনেত্ৰীসকলৰ মাত-কথা বাণীবদ্ধ কৰা হৈছিল। এই ধাৰাৰ ছবিবোৰৰ বিষয়বস্তু আছিল মানুহৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন। পৰিচালকসকলে ছবিৰ বিষয়বস্তু আৰু সংলাপৰ সৈতেও আপোচ কৰিবলগীয়া হৈছিল। কেতিয়াবা কেতিয়াবা কিছুমান দৃশ্যৰ দৃশ্যগ্ৰহণ কৰোতে আনকি কেমেৰাই তিনিশ যাঠি ডিগ্ৰীৰ অক্ষৰেখাডাল অতিক্ৰম কৰি গৈছিল। জাম্প কাট্ নব্য-তৰংগ ছবিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। পৰম্পৰাগত নিৰবিচ্ছিন্ন সম্পাদনাৰ নিয়ম উলংঘা কৰাই হৈছে জাম্প কাট্; (জর্জ মিলেঙ্ক জাম্প কাট্ট জন্মদাতা বুলি কোৱা হয়); উদাহৰণস্বৰূপে গডাৰৰ 'ব্রেথলেচ' ছবিখন দীঘল হোৱাৰ বাবে ডেৰ ঘণ্টা দৈর্ঘ্যলৈ চমুৱাবলৈ কোৱাত, গডাৰে জাম্প কাট্ট অভিনৱ টেকিটো ব্যৱহাৰ কৰি বহুতো দৃশ্য নাইকিয়া কৰিছিল। ছবিখনৰ বহুতো দৃশ্য এটা দীঘলীয়া টেকেৰে লৈছিল আৰু যিবোৰ আংশিক দৃশ্য ভাল হোৱা নাছিল, সেইবোৰক মাজতেই কাটি আগৰ আৰু পিচৰ দৃশ্যবোৰৰ সংযোজন কৰিছিল।
ফৰাছী পৰিচালকৰ প্ৰথম নৱ্য-তৰংগৰ ছবিবোৰ আছিল চুটি ছবি আৰু বেছিভাগ ছবিয়েই প্ৰাৰম্ভিক পৰ্যায়ত ১৬ মিঃ মিঃ আৰু পিছলৈ ৩৫ মিঃ মিঃত দৃশ্যগ্রহণ কৰিছিল। পূর্ণদৈৰ্ঘ্যৰ প্ৰথমখন নৱৰ্য-তৰংগৰ ছবি হ'ল ক্ল'ড শ্বাৰব্ৰলৰ প্ৰথম ছবি 'দা হেণ্ডচাম চার্জ' (১৯৫৮) আৰু এই ছবিখনে সাফল্য লাভ কৰাৰ লগে লগে 'দা কাজিন' (১৯৫৯) মুক্তি পাইছিল। এই ধাৰাত নির্মিত আন উল্লেখযোগ্য ছবি আছিল-'ফ্ৰেংকচ্ ট্রুফু'ৰ 'দ্য ৪০০ ব্লওজ', মার্চেল কেমুচৰ 'ব্লেক অৰেফিয়াচ', গডাৰৰ 'ব্ৰেল্লেচ্' ইত্যাদি।
ক্রমান্বয়ে ফৰাছী চিনেমাৰ ধাৰা সলনি হ'বলৈ ধৰে আৰু লাহে লাহে নব্য-তৰংগ ধাৰাৰ পৰিৱৰ্তে সময়ৰ লগত খাপ খোৱাকৈ সৃষ্টি হোৱা নতুন ধাৰাবোৰে ফৰাছী চিনেমা দর্শকক আপ্লুত কৰিবলৈ ধৰে।
ফৰাছী ছবিৰ বিভিন্ন বৰ্গীকৰণৰ ভিতৰত এটাৰ নাম আছিল 'হেৰিটে'জ ফিল্ম', এনেধৰণৰ ছবিবোৰ আছিল বিগ বাজেটত নিৰ্মাণ কৰা বুৰঞ্জীমূলক ছবি, উদাহৰণ স্বৰূপে ক্ল'ড বেৰিচৰ 'জাঁদে ফ্ল'ৰেট' (১৯৮৬)। আন এক নতুন ফৰাছী বৰ্গীকৰণ আছিল- 'চিনেমা দ্যু লুক' য'ত নৱ-প্ৰজন্মৰ চিন্তন সম্বলিত ছবি নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ লগত সম্পৃক্ত হৈ আছিল ফৰাছী কাব্যিক বাস্তৱবাদ। জাঁ জেক বেইনিকেচ্ ১৯৮১ চনত নির্মাণ কৰা 'দিভা'ৰ জৰিয়তে 'চিনেমা দ্যু লুক'ৰ উদ্বোধন কৰিছিল। ফৰাছী ছবিৰ আন আন বৰ্গীকৰণৰ ভিতৰত আছিল 'ফিল্ম পলিচিয়াৰ' যিবোৰ ছবিত আৰক্ষীৰ কাৰ্যপ্ৰণালী আৰু অপৰাধী ধৰা পেলোৱাৰ কৌশলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই বৰ্গীকৰণৰ উল্লেখযোগ্য ছবিবোৰ হ'ল- জাঁ পেৰি মেলভিনৰ 'এ-কপ্', জেক দেৰেৰ 'কপ ষ্ট'ৰি', আল্যাঁ কৰনিউৰ 'পুলিচ পাইথ ৩৫৭'। 'বেনলিউ ফিল্ম' হ'ল ফৰাছী সাম্প্ৰতিক ছবিৰ আন এক নতুন বৰ্গীকৰণ। এনে ছবিবোৰত ডাঙৰ চহৰত উপকণ্ঠৰ দাঁতিকাষৰীয়া অঞ্চলৰ মজদুৰসকল আৰু তেওঁলোকৰ উপ-সংস্কৃতি চিত্ৰায়নৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় আৰু বেছিভাগ ছবিতেই উত্তৰ আমেৰিকা আৰু মাঘৰেবীৰ চিত্ৰ অংকন কৰা হয়। এই ধাৰাত নিৰ্মিত এখন উল্লেখযোগ্য ছবি হ'ল মেথিউ কাচ 'ভিটট্ৰ 'হেইট' (১৯৯৫)। কুৰি শতিকাৰ নব্বৈ দশকত ফৰাছী চিনেমাত 'নিউ নিউ ৱেত্' নামৰ এটা বৰ্গীকৰণে জন্মলাভ কৰা পৰিলক্ষিত হয়। এই ধাৰণাটোত বিশ্বাসী পৰিচালকসকলে সমসাময়িক সামাজিক বিষয়সমূহ তেওঁলোকৰ ছবিৰ মূল উপজীব্য হিচাপে লৈছিল। এই বৰ্গীকৰণৰ বেছিভাগ পৰিচালকেই আছিল মহিলা, যেনে- কেথেৰিণ ব্রেইলেইটে নির্মাণ কৰিছিল 'পাৰফেক্ট লাভ্' আৰু ক্লেয়াৰ ডোনচে 'গুড ওৱার্ক' (১৯৯৯) নামৰ ছবিখন নিৰ্মাণ কৰিছিল। অৱশেষত আমি ইয়াকে ক'ব পাৰোঁ যে পঞ্চাশ আৰু ষাঠিৰ দশকত আৰম্ভ হোৱা নৱ্য-তৰংগৰ ছবিবোৰৰ প্ৰভাৱ পিছৰ পৰ্যায়ত বিশেষ সক্রিয় হৈ নাথাকিল আৰু ফৰাছী চিনেমা জগতখনত অবিৰামভাৱে নতুন নতুন পৰীক্ষা-নিৰীক্ষাৰে নতুন নতুন ছবিৰ নিৰ্মাণ হৈ থাকিল।

No comments